Sunday, 8 December 2013

নাগভীড়

নাগভীড়

বহুদূৰৈৰ ক’ৰবাৰ পৰা
চলি আহি আছিল
আৰু এতিয়া নিজৰ ঠাইত ৰৈ
বহুপৰ ধৰি জিৰাই আছে,

কিমানদিনৰ পৰা
ডাঙৰ জংচনৰ ষ্টেচনৰ ভীৰত
লিখা থকা
এটা সৰু নাম আছিল,
এতিয়া ভীৰৰ পৰা পৃথক
পুৰণি ঘন সেই গছবোৰৰ ছাঁত
সঁচাকৈয়ে আছে নাগভীড়
এটা সৰু ৰেলষ্টেচন ৷

এটা সৰু
এটা ডাঙৰ
দুটি লাইন থকা
দুখন প্লেটফৰ্মৰ মাজত
ইফালৰ পৰা সিফাললৈ বিয়পা
আৰু শীতৰ কোমল ৰ’দত
ফুলি-ফুলি উঠা
আগৰাতি
দেখা সপোনত
লুকা-ভাকু খেলি এতিয়ালৈকে,
তাত, দূৰত পৰি থকা
শিলৰ সেই বেঞ্চত
সকলোৰে পৰা আঁতৰি বহা
প্ৰেমিকৰ এটি যোৰ,

বাকী থকা প্ৰেম-প্ৰসঙ্গৰ সূত্ৰবোৰ
পুনৰ যোগ দিবলৈ
মনেবিচৰা নিৰ্জন পৰিবেশৰ সন্ধানত
সেই যুগলৰ
ক’লৈকো যাবলগীয়া নাই,

ওচৰ-পাজৰৰ গাঁৱৰ পৰা
আৰু সম্মুখৰ বস্তিৰ ফালৰ পৰা
আহিব ধৰা নিজৰ যাত্ৰীসকলৰ বাবে
আহি অপেক্ষা কৰি থকা
পুতলা ডবাৰ ৰেলখনৰো
কোনো লৰা-লৰি নাই,

আকাশ-দলঙৰ পৰা চালে
কিমান বেলেগ আৰু কিমান দূৰলৈ
গৈ থকা দেখা যায়
ৰেলৰ চিৰিবোৰ
বেলেগ দেখা যায়
বৰাড়ী মানুহৰ বগা টুপিবোৰ
আৰু বেলেগ দেখি
কাষ্টা মাৰি পিন্ধা
ন’গজ দীঘল হাতে-বোৱা ধুতিত
বৰাড়ৰ  পাৰম্পৰিক গৃহিণীবোৰ ৷

ৰ’দ আৰু ছাঁৰ মাজত
এফালে ৰৈ
বাট চাই থকা সময়
ঠিক একেদৰেই ৰৈ আছে,
ইফালে কিছু লৰা-ধপৰা যেন
ব্যস্ততা
এইবাটে ওলাই
কোনো ঠাই গৈ পাবলগীয়া
সিফালৰ পৰা আহিবলগা
ডাঙৰ এক্সপ্ৰেছগাড়ীখন আহি
নিজবেগে পাৰ হৈ যাব লগা আছে ৷

সিফালে,
য’ত কোনেও বাট নাচায়
ক’তো ৰৈ
কাৰোবাবে…


(বৰাড়: মহাৰাষ্ট্ৰৰ নাগপুৰ অঞ্চল)


মূল: (হিন্দী) সতীশ জয়চৱাল; অনুবাদ: ডঃ মাখন লাল দাস