চকু মুঁদি পৰি আছে
ৰ’দত
সপোন দেখি
মুগ্ধ হৈ
নিজৰ সপোনত ৷
ৰ’দত
ফুলি আছে
সপোন
কামনা জগাব ধৰিছে
এপাহ হালধীয়া বনৰীয়া ফুলে৷
সূৰ্যস্নান কৰি
নিৰ্বসন হৈ পৰি আছে
উপত্যকা৷
এখন নৈ উফন্দি আহিছে
মেঘবোৰত
পালতৰা উজ্জ্বল নাওঁ৷
হয়তো
অভিসাৰলৈ ওলাইছে
নীলা নদীৰ ৰাণী
অৰ্দ্ধ-নিদ্ৰামগ্নাৰ দৰে
বিভোৰ হৈ
সপোনত ৷৷
মূল: (হিন্দী) সতীশ জয়চৱাল (১৭ নবেম্বৰ
১৯৭৯)
অনু: ডঃ মাখন লাল দাস

No comments:
Post a Comment