নকৰিবা কোনো প্ৰশ্ন
হে অধীৰ স্বপ্ন৷
ভাঙি গ’ল টোপনি
আৰু এতিয়া
অশান্ত সমুদ্ৰ ৷
ৰোৱা, ৰ’বলৈ দিয়া
অৰাজক লহৰ বোৰক৷
সমুদ্ৰ আৰু সপোনৰ মাজত
য’ত বিলীন হ’ব ধৰিছে
বিভাজক ৰেখাবোৰ
আকাশ নিৰাকাৰ৷
দিশবোৰ মুকলি হ’ব, সৌপিনে
চিকমিকাই আছে
লাৱণ্যময়ী দেহাকৃতিবোৰ
দিগন্তত
প্ৰকাশিত হ’ব ধৰিছে
পালতৰা নাওঁবোৰ৷
আৰু সমুখত
পাৰাপাৰ অপাৰ৷
নাজানো কেতিয়া, ক’ৰ
পৰা
আৰম্ভ হ’ল
তোমাৰ-মোৰ যুগ্ম-যাত্ৰাৰ
সেই গন্তব্যস্থল৷
সকলো হ’বলগীয়া আছে
সুখ-দুখৰ সিপাৰে
তাত, নিজৰ সেই গন্তব্যস্থল
পোৱাৰ পাছত৷
তাত, যেতিয়া সপোনত
হয়তো হৈ আছে
বিলীন
নিদ্ৰা, অনন্ত৷
তেতিয়া নিজৰেই প্ৰতি
হৈ
প্ৰশ্নাতীত তুমি
তাতেই গাবা
জীৱন-মুক্তিৰ গান৷
ঘটিত হ’বলৈ দিবা
চমত্কাৰ, সেই সৃষ্টিৰ…..
মূল: (হিন্দী) সতীশ
জয়চৱাল
অনু: ডঃ মাখন লাল দাস
No comments:
Post a Comment