এটা সপোন
সপোনত ৰ’দ
ৰ’দত পাহাৰ,
পাহাৰ খহি আছে
শেষ হ’ব ধৰিছে
বৃক্ষ-বীথিকাৰ ৰহস্যময়
সংসাৰ
বাহিৰত
ফুলি আছে
এপাহি ফুল
ভিতৰত
অন্ধকাৰ গভীৰ,
লেমৰ ধিমিক-ধামাক পোহৰত
বিয়পিব ধৰিছে সপোন
সপোনত পোহৰ
পোহৰত মত্স্যকণ্যা,
মত্স্যকণ্যাই ফুৰাই
আছে
ফুৰাই আছে
নিজৰ সঙ্গত
অতিপাত গভীৰ সেউজ ঘন
অকোৱা-পকোৱা বাটেৰে
বাৰে বাৰে, বাৰে বাৰে,
এতিয়া আৰু নহয়
গোটেই দুপৰীয়া ৰ’দত
বাট বুলা
সহ্য কৰা
আলিবাটৰ তপত অনুভৱ
এতিয়া অকলে
সহ্য কৰা নাযায়
আগৰ দৰে৷
নাজানো ক’ত ক’ত যে
বাটকুৰি বাই ফুৰিলোঁ
এই ঠাই পোৱাৰ আগতে,
এতিয়া হেৰাবলৈ নিদিবা
এই ঠিকনা
লাগিলে ময়েই হেৰাই যাওঁ,
মোক নুসুধিবা
মোৰ অন্তিম ইচ্ছা
নাইবা মোক যাচক হ’বলৈও
নিদিবা,
তোমাৰ কেশ-ছাঁয়াতে
তৃপ্ত হ’বলৈ আছে মোৰ
তৃষ্ণা
মোৰ মুক্তি,
তোমাৰ কোলাত
মোক শুবলৈ দিয়া,
ইয়াত বিয়পি আছে পোহৰ
মোৰ চাৰিওপিনে,
এটি অঙঠা জ্বলিছে
উম দি আছে
এটি সপোন জাগিব ধৰিছে
সপোনত পোহৰ
পোহৰত মত্স্যকণ্যা,
মত্সকণ্যাই মাতি আছে
নিজৰ কাষলৈ,
নিজৰ লগত লৈ
ফুৰাই আছে
অতিপাত ঘন, সেউজে ভৰা
অকোৱা-পকোৱা বাটেৰে
বাৰে-বাৰে, বাৰে-বাৰে…
মূল: (হিন্দী) সতীশ
জয়চৱাল
অনু: ডঃমাখন লাল দাস
No comments:
Post a Comment