Tuesday, 3 September 2013

দেওবাৰৰ ৰাতিপুৱা




লগত যদি থাকে
কোনো কথাচহকী বন্ধুৰ ফোন নম্বৰ
তেতিয়া দেওবাৰৰ ৰাতিপুৱাটো
হৈ পৰে গুলজাৰ আৰু ভৰপূৰ,
এই কিছুসময় আগতেই
আমনি কৰিছিল মনটোৱে
মোৰ চহৰৰ পৰিচয়হীনতা
আৰু পুৰণি লোক হেৰাই যোৱা কথাকে লৈ,
যেনেদৰে হৈছিল আমাৰ ইয়াত
জাৰকালিৰ ৰাতিপুৱা
পুৰণিগছ থকা চাৰিআলিটোত
ৰ’দৰ উম লৈ লৈ, জিলাপীৰ সোৱাদ
তেনেদৰে অলকাপুৰীতো
হয়তো মানুহ গোট খাই আছে
হাটে চাৰিআলিয়ে
সজোৱা-পৰোৱা দোকানত
কথকী বন্ধুৱে
কথাৰ পাকতে লৈ যাব পাৰে
বিক্ৰমাদিত্যৰ উজ্জয়িনীৰ পৰা
মান্ডৱ মহলৰ যাত্ৰাত,
বিন্ধ্যাচল আৰু সাতপুৰাৰ উপত্যকাত
দেখুৱাব পাৰে
মেঘৰ খেল
নীলা কুৱঁলীৰ স'তে ৰ’দৰ মিলন,
তাত গাইডবোৰে সজাই-পৰাই ৰাখিছে
ৰূপমতীৰ প্ৰেম কাহিনী
তাত আজিও গায়
ভূপ ৰাগত ৰাজ বাহাদুৰে
তাত আজিও
জল-ক্ৰীড়া কৰে পৰীবোৰে
চম্পা পুখুৰীত
ফুলি থাকে ফুল, পুৰণি তালত,
কেনেকুৱা যে আছিল চাগে
ৰজা আৰু ৰাণীৰ দেওবাৰৰ ৰাতিপুৱাবোৰ
এনেকুৱা চিন্তাহীনতা আৰু আৰামৰ
কোনো কথাচহকী বন্ধুৰ স’তে
অতিবাহিত কৰা,
চকুৰ পচাৰতে মহলৰ পৰা ওলাই
ওঙ্কাৰেশ্বৰ ঘাটত,
আন কাৰোবাৰ ভাগ্যতনো ক’ত
তেনে দেওবাৰৰ ৰাতিপুৱা,
যেনেকুৱা আমাৰ ইয়াত…..
মূল: (হিন্দী) সতীশ জয়চৱাল
অনু: ডঃ মাখন লাল দাস

বত্ৰিশ পুতলাৰ সিংহাসন....



অন্যায় আৰু অনাস্থাৰ
এনে কুসময়তো
তেওঁলোকে ৰচি আছে
সাঁচি ৰাখিছে
বিশ্বাসত আস্থা
আৰু ইতিহাসৰ দিনৰ সময়বোৰ
যিবোৰ পাৰ হৈ যোৱা
ভালেমান দিন হ’ল,
তথাপি
তেওঁলোকৰ বিশ্বাস আছে
ন্যায় শাসনৰ,
তেওঁলোকে গঢ়ি আছে
বত্ৰিশটা চিৰি
আৰু এখন সিংহাসন,
তেওঁলোকৰ বিশ্বাস আছে
ন্যায়ৰ পক্ষ ল’বলৈ
উভটি আহিব
বত্ৰিশ পুতলা,
তেওঁলোকে মাতি আছে
সময়ক
যি এতিয়া মাথো এক ইতিহাসৰ কাহিনী…
মূল: (হিন্দী) সতীশ জয়চৱাল
অনু: ডঃ মাখন লাল দাস

সপোনত পোহৰ….

এটা সপোন
সপোনত ৰ’দ
ৰ’দত পাহাৰ,
পাহাৰ খহি আছে
শেষ হ’ব ধৰিছে
বৃক্ষ-বীথিকাৰ ৰহস্যময় সংসাৰ
বাহিৰত
ফুলি আছে
এপাহি ফুল
ভিতৰত
অন্ধকাৰ গভীৰ,
লেমৰ ধিমিক-ধামাক পোহৰত
বিয়পিব ধৰিছে সপোন
সপোনত পোহৰ
পোহৰত মত্স্যকণ্যা,
মত্স্যকণ্যাই ফুৰাই আছে
ফুৰাই আছে
নিজৰ সঙ্গত
অতিপাত গভীৰ সেউজ ঘন
অকোৱা-পকোৱা বাটেৰে
বাৰে বাৰে, বাৰে বাৰে,
এতিয়া আৰু নহয়
গোটেই দুপৰীয়া ৰ’দত বাট বুলা
সহ্য কৰা
আলিবাটৰ তপত অনুভৱ
এতিয়া অকলে
সহ্য কৰা নাযায়
আগৰ দৰে৷
নাজানো ক’ত ক’ত যে
বাটকুৰি বাই ফুৰিলোঁ
এই ঠাই পোৱাৰ আগতে,
এতিয়া হেৰাবলৈ নিদিবা
এই ঠিকনা
লাগিলে ময়েই হেৰাই যাওঁ,
মোক নুসুধিবা
মোৰ অন্তিম ইচ্ছা
নাইবা মোক যাচক হ’বলৈও নিদিবা,
তোমাৰ কেশ-ছাঁয়াতে
তৃপ্ত হ’বলৈ আছে মোৰ তৃষ্ণা
মোৰ মুক্তি,
তোমাৰ কোলাত
মোক শুবলৈ দিয়া,
ইয়াত বিয়পি আছে পোহৰ
মোৰ চাৰিওপিনে,
এটি অঙঠা জ্বলিছে
উম দি আছে
এটি সপোন জাগিব ধৰিছে
সপোনত পোহৰ
পোহৰত মত্স্যকণ্যা,
মত্সকণ্যাই মাতি আছে
নিজৰ কাষলৈ,
নিজৰ লগত লৈ
ফুৰাই আছে
অতিপাত ঘন, সেউজে ভৰা
অকোৱা-পকোৱা বাটেৰে
বাৰে-বাৰে, বাৰে-বাৰে…

মূল: (হিন্দী) সতীশ জয়চৱাল
অনু: ডঃমাখন লাল দাস