Friday, 31 May 2013

শব্দৰ ৰঙেৰে..



তাই
নিজৰ লেখনীবোৰ
পঢ়িবলৈ লোৱাৰ আগতেই
কোনোবাই সকলো শব্দ চুৰ কৰি নি
তাৰ তলত লিখি দিয়ে
নিজৰ নাম

স্বাধীনতা আৰু ক্ষুধা
তাইৰ প্ৰয়োজনৰ শব্দ
মানুহৰ প্ৰয়োজনত
দেখা যায় অন্তৰ্ভুক্ত

চকুলো পি পি
ডাঙৰ হৈ পৰিছে তাইৰ দুচকু
নিজৰেই চকুৰ
নিমখ খাইছে তাই
এতিয়া কিদৰে নিমাতে থাকে
নিজৰেই চকুৰ বিৰুদ্ধে
বিলাসপুৰৰ বিখ্যাত কবি সতীশ জয়চৱালৰ  शब्दों के रंगों से 
কবিতাৰ অনুবাদ৷ 

অৱতৰণ


স্ত্ৰীৰ চকুযুৰিত/  
অনন্ত বিয়পি আছে/     
দৃশ্য-অদৃশ্যৰ মায়া সদৃশ/                       
ৰহস্যময়ী/                     
এক স্মিত ৰেখা সদৃশ/                          
প্ৰস্ফুটিত/
স্ত্ৰীৰ মুখনিত/                           
যেন গুণগুণায়/                        
কোনো শিশুগীত/                                  
এনেকৈয়েই/                   
যেতিয়া মিচিকিয়াইছিল/                         
মনালিচাই/
জিৰাইছিল অলসভাবে/             
আৰু তেওঁৰ গা আছিল গধুৰ/   
যেন লেৰেলা-লেৰেলা/
হালধীয়া ৰ’দ শৰতকালৰ/

 

বিলাসপুৰৰ বিখ্যাত কবি সতীশ জয়চৱালৰ হিন্দী কবিতা "অৱতৰণ"ৰ অনুবাদ৷

শূণ্য বিন্দু এয়া

ইয়াত সকলো নতুন নতুন
এতিয়া, ঠিক এতিয়াৰ
উজ্জ্বল উজ্জ্বল চকমকোৱা
আৰু একেবাৰে সতেজ সতেজ গোন্ধোৱা
ক’তো একো পুৰণি নাই
ইয়াত, এই ঠাইত
ময় দানবৰ মায়াৰে
হয়তো উঠিছে জগি
যোৱা নিশাৰ নিশা
এই বস্তি
এতিয়া ইয়াৰ পৰাই আৰম্ভ হ’ব
ঘৰ বাৰী সজা
আৰু মানুহৰ থকামেলা
আমাৰ আৰম্ভণিৰ
শূণ্যবিন্দু এয়া
কিমান যে ভয়াবহ
একো স্মৃতি নথকা
কোনো ঠাই ক’ৰবাত থকা…
মোৰ বন্ধু , বিলাসপুৰীয়া কবি সতীশ জয়চৱালৰ হিন্দী কবিতা  शून्य बिन्दु यह ৰ অনুবাদ

কণমানি লামাৰ চকুত নদী..




গেৰুৱা বস্ত্ৰেৰে সজোৱা-পৰোৱা
যেন কোনো পুতলা,
কৌতুহল ভাবেৰে ভৰা
চাই আছে
পাহাৰৰ পৰা
নদীখন
নদীত নামিব ধৰা সন্ধিয়া, 
বহু দূৰৰ পৰা
আগুৱাই আহি আছে
দিনটোৰ ভাগৰ-জুৰুলা
সূৰ্য
লাহেকৈ নামিল
নদীত,
 
তেনেকুৱাই হৈ গ’ল
ৰং
নদীৰ পানীৰ
গেৰুৱা
যেনেকুৱা
শিশু লামাৰ কাপোৰৰ ৰং ,
তেনেদৰেই
সন্ধিয়াৰ সূৰ্যও
গেৰুৱা বস্ত্ৰেৰে সজ্জিত হ’ল
যেন কোনো পুতলা,
কৌতুহলেৰে ভৰা
কণমানি লামা
চাই আছে
সন্ধিয়াৰ দিব্য খেল
পুতলা খেলি আছে নদীয়ে ৷
                 মোৰ বন্ধুবৰ শ্ৰীসতীশ জয়চৱালৰ  नन्हे लामा की आँखों में नदी ৰ অনুবাদ..

নাজানো কাৰ বাবে: তিনিটি কবিতা...



নাজানো কাৰ বাবে: তিনিটি কবিতা

১. মাটি

নিৰাকাৰ
নিৰাকৃতি
এতিয়া এই মাটি
মাটি হৈ আছে
স্পৰ্শ নোপোৱাকৈ,
তথাপি
অৱশিষ্ট আছে
আৰ্দ্ৰতা এতিয়াও
এই মাটিত,
প্ৰাণ সঞ্চাৰিত হ’ব ইয়াত
ইয়াক চুই লোৱা
এবাৰ.......
০০০০০০০০০০
২,পৃথিবী.......
 
আৰু বিস্তাৰিত হ’ব
পৃথিবী,
বিস্তাৰিত হ’ব
পৃথিবীৰ কোলা
মোৰ বাবে,
মই আছো
পৃথিবীত
আৰু পৃথিবীত
পৰি আছে
ইচ্ছাৰ ছায়া
বিস্তাৰিত হৈছে
পৃথিবীৰ মায়া,
পৃথিবীৰ শৰীৰত
আকাশ মিলি পৰিছে,
বতাহত
সাঁতুৰি আছে
ঝৰ-ঝৰ ঝৰকৈ
নিমৰ পুৰণি পাতবোৰ,
কাতি মাহৰ
কোমল হালধীয়া ৰ’দ
পৰি আছে
পালেঙৰ ওপৰত,
বিয়পি পৰিছে
শিশুৰ
কেঁচা-কোমল সপোন,
সপোনতে
মিচিকিয়াইছে শিশুৱে
আৰু চিকমিকাইছে
গাখীৰৰ কেঁচা টোপাল
তাৰ ৰক্তিম ওঁঠত,
পৃথিবী প্ৰস্ফুটিত হৈছে……
৩.সৃষ্টি..........
এয়া কাৰ
কেশ ছায়াই
মোক ঢাকি ধৰিছে
লৈ যাব ধৰিছে
নিজৰ সতে
সেই সাগৰ তীৰলৈ,
তাত আকাশলৈকে
টনা আছে
তানপুৰাৰ তাঁৰ
পকাই পকাই,
এক দিব্য স্বৰলিপি
ৰচনা কৰিছে আঙুলিবোৰে
ঝংকাৰিত হৈছে
সম্পূৰ্ণ স্নায়ুতন্ত্ৰ……
০০০০০০০০০০০০০০০০

মূল (হিন্দী) : সতীশ জয়চৱাল  (২০-২২ মে, ১৯৮৭)

অনু: ড০ মাখন লাল দাস
০০০০০০০০০০০

শৰতৰ সুৰ…




গুণগুণাই আছে/
এটি সুৰ বীতৰাগ/
তাত শৰতৰ মনে/
মোৰ কাষলে আঁহা/
মই চিনি পাওঁ/
সেই ঠাই/
তাত ফুলিছে/
এপাহ ফুল/
ৰঙা শিমলু/
 
মূল: সতীশ জয়চৱাল
অনু: ডঃ মাখন লাল দাস

তেওঁৰ গছ-পাহাৰ….




তেওঁ গণাইছিল
গছবোৰৰ নাম     
যিবোৰৰ মাজেৰে আহি আছিল
ঝৰ ঝৰকৈ পাহাৰীয়া বতাহৰ সোঁত
আৰু বাজি আছিল
চেতাৰ
একেলগে অ’ত-ত’ত
শান্ত নিৰ্জন পাহাৰৰ
মনোৰম কোলাত,
হাতৰ তলুৱাৰ আঁৰৰ পৰা
তেওঁ ক’লে,
শুনা
আমাৰ সংগীত
আমাৰ গছ-পাহাৰৰ
আমাৰ বতাহৰ,
সেই সময় আছিল
কামনাবোৰ জগাই তোলাৰ
সম্মুখত আছিল
ওপৰলে উঠি যোৱা কেঁচা আলিবাট
সময়নো আছিল ক’ত
ক’ৰবাত থমকি ৰৈ
ঘন হৈ অহা উশাহবোৰ
কিছুসময় নিয়ন্ত্ৰণ কৰিবলে,
তেওঁ তেতিয়াই গৈ পাব লাগে
চাৰিআলিৰ আস্থান
সিফালৰ পৰা অহা
বাছখন গুচি যোৱাৰ আগতে,
সেই সময় আছিল
দিনৰ অন্তত
ঘৰলৈ ওভটাৰ,
এনে অৱস্থাত
কোনো কথাৰ বাবে
ক’তনো থাকিব পাৰে
কোনো অৱকাশ…..

মূল (হিন্দী) সতীশ জয়চৱাল
অনু: ডঃ মাখন লাল দাস

সিন্ধু, এখনি প্ৰগল্ভা নৈ..




যেতিয়া কোনো নাছিল
তাত আশে-পাশে
আতুৰ প্ৰতীক্ষাৰ বাহিৰে
প্ৰগল্ভা নৈখনে
বিচাৰি আছিল
অকণি গোপন নিৰ্জনতা ,
এন্ধাৰৰ গহন তলিত
স্পন্দিত হৈ আছিল
একেই প্ৰতীক্ষিত সুখ ,
অলৌকিক আছিল
সেই সকলোবোৰ ,
এখনি প্ৰগল্ভা নৈ
এনেদৰে ৰূপান্তৰিত হোৱা
এগৰাকী আতুৰা নায়িকালৈ
আৰু আৰক্ত হৈ পৰা
নিৰ্লজ্জ দহনত,
তেনেকুৱাতে
নিৰ্বস্ত্ৰ
সূৰ্য নামি অহা
নৈৰ পানীলৈ ,
ইচ্ছিত অন্ধকাৰৰ
নিজান গভীৰতাত
সন্ধ্যা বিৱশ হৈ পৰা ,
সেই দিব্যক্ষণবোৰত
কোনো নাছিল
তাত আশে-পাশে
টানি লোৱা উশাহবোৰৰ বাহিৰে ,
ঘোৰ আসক্তিৰ দৰে
টানি থোৱা
তাঁৰত
দেহ সাধনা কৰি আছিল বতাহে…..

 

মূল: সতীশ জয়চৱাল
অনু: ডঃ মাখন লাল দাস

প্ৰাৰ্থনা...


কবিতা এখন নদী
সুৰ্যমন্ত্ৰ পাঠ কৰি
সোণৰ হৈ যায়
নদী
যেতিয়া কবিতা পাঠ কৰে
সূৰ্যই,
ৰ’দত জিলিকি আছে
সোণৰ নদী,
আঁহা বহোঁ, ইয়াতে
শীতল-ঘন ছাঁত
দেৱদাৰুৰ শৰীৰৰ সতে
মূৰ দোৱাঁই
চকু মুদি
দেখোঁ সপোন,
সপোনত নামি আহে
কিমানবোৰযে জলপৰী,
কবিতা-পাঠ কৰা নদী
নদীত অৱতৰিত হয়
পানীৰ পৰশ লয়
ৰাতিপুৱাৰ সূৰ্যই,
দেৱদাৰুত
দেৱতাৰ বসতি,
মোক গছ হৈ যাবলৈ দিয়া
হে দেৱতা
মোক কবিতা-পাঠ কৰিব'লে দিয়া
নদীক কবিতা হৈ যাব’লে দিয়া….
-----------------------
মূলঃ সতীশ জয়চৱাল (হিন্দী)
অনুঃ ডঃ মাখন লাল দাস