ইয়াত সকলো নতুন নতুন
এতিয়া, ঠিক এতিয়াৰ
উজ্জ্বল উজ্জ্বল চকমকোৱা
আৰু একেবাৰে সতেজ সতেজ গোন্ধোৱা
ক’তো একো পুৰণি নাই
ইয়াত, এই ঠাইত
ময় দানবৰ মায়াৰে
হয়তো উঠিছে জগি
যোৱা নিশাৰ নিশা
এই বস্তি
এতিয়া ইয়াৰ পৰাই আৰম্ভ হ’ব
ঘৰ বাৰী সজা
আৰু মানুহৰ থকামেলা
আমাৰ আৰম্ভণিৰ
শূণ্যবিন্দু এয়া
কিমান যে ভয়াবহ
একো স্মৃতি নথকা
কোনো ঠাই ক’ৰবাত থকা…
মোৰ বন্ধু , বিলাসপুৰীয়া কবি সতীশ জয়চৱালৰ হিন্দী কবিতা शून्य बिन्दु यह ৰ অনুবাদ
No comments:
Post a Comment