Friday, 31 May 2013

নাজানো কাৰ বাবে: তিনিটি কবিতা...



নাজানো কাৰ বাবে: তিনিটি কবিতা

১. মাটি

নিৰাকাৰ
নিৰাকৃতি
এতিয়া এই মাটি
মাটি হৈ আছে
স্পৰ্শ নোপোৱাকৈ,
তথাপি
অৱশিষ্ট আছে
আৰ্দ্ৰতা এতিয়াও
এই মাটিত,
প্ৰাণ সঞ্চাৰিত হ’ব ইয়াত
ইয়াক চুই লোৱা
এবাৰ.......
০০০০০০০০০০
২,পৃথিবী.......
 
আৰু বিস্তাৰিত হ’ব
পৃথিবী,
বিস্তাৰিত হ’ব
পৃথিবীৰ কোলা
মোৰ বাবে,
মই আছো
পৃথিবীত
আৰু পৃথিবীত
পৰি আছে
ইচ্ছাৰ ছায়া
বিস্তাৰিত হৈছে
পৃথিবীৰ মায়া,
পৃথিবীৰ শৰীৰত
আকাশ মিলি পৰিছে,
বতাহত
সাঁতুৰি আছে
ঝৰ-ঝৰ ঝৰকৈ
নিমৰ পুৰণি পাতবোৰ,
কাতি মাহৰ
কোমল হালধীয়া ৰ’দ
পৰি আছে
পালেঙৰ ওপৰত,
বিয়পি পৰিছে
শিশুৰ
কেঁচা-কোমল সপোন,
সপোনতে
মিচিকিয়াইছে শিশুৱে
আৰু চিকমিকাইছে
গাখীৰৰ কেঁচা টোপাল
তাৰ ৰক্তিম ওঁঠত,
পৃথিবী প্ৰস্ফুটিত হৈছে……
৩.সৃষ্টি..........
এয়া কাৰ
কেশ ছায়াই
মোক ঢাকি ধৰিছে
লৈ যাব ধৰিছে
নিজৰ সতে
সেই সাগৰ তীৰলৈ,
তাত আকাশলৈকে
টনা আছে
তানপুৰাৰ তাঁৰ
পকাই পকাই,
এক দিব্য স্বৰলিপি
ৰচনা কৰিছে আঙুলিবোৰে
ঝংকাৰিত হৈছে
সম্পূৰ্ণ স্নায়ুতন্ত্ৰ……
০০০০০০০০০০০০০০০০

মূল (হিন্দী) : সতীশ জয়চৱাল  (২০-২২ মে, ১৯৮৭)

অনু: ড০ মাখন লাল দাস
০০০০০০০০০০০

No comments:

Post a Comment