গেৰুৱা বস্ত্ৰেৰে সজোৱা-পৰোৱা
যেন কোনো পুতলা,
কৌতুহল ভাবেৰে ভৰা
চাই আছে
পাহাৰৰ পৰা
নদীখন
নদীত নামিব ধৰা সন্ধিয়া,
বহু দূৰৰ পৰা
আগুৱাই আহি আছে
দিনটোৰ ভাগৰ-জুৰুলা
সূৰ্য
নদীত,
তেনেকুৱাই হৈ গ’ল
ৰং
নদীৰ পানীৰ
গেৰুৱা
যেনেকুৱা
শিশু লামাৰ কাপোৰৰ ৰং ,
তেনেদৰেই
সন্ধিয়াৰ সূৰ্যও
গেৰুৱা বস্ত্ৰেৰে সজ্জিত হ’ল
যেন কোনো পুতলা,
কৌতুহলেৰে ভৰা
কণমানি লামা
চাই আছে
সন্ধিয়াৰ দিব্য খেল
পুতলা খেলি আছে নদীয়ে ৷
মোৰ বন্ধুবৰ শ্ৰীসতীশ জয়চৱালৰ नन्हे लामा की आँखों में नदी ৰ অনুবাদ..

No comments:
Post a Comment